Show/Hide Keyboard Layout

তোমাৰ ফুলৰে মালা

- বিষ্ণুপ্ৰসাদ ৰাভা

তোমাৰ ফুলৰে মালা

আজিয়ে লেৰেলি যায়

সুৰভি-সঁফুৰা মেলা ফুল পাহি

সিও যে মৰহি যায় ।

 

নয়নৰ মোৰ নিয়ৰ টোপাল

নুশুৱায় মোৰ এই দুয়োগাল

বেদনা তাপত কিয়নো শুকাল

চকু ফালি লো নোলায় ।

 

ফুলৰ পাহি গ’ল মৰহি

স্মৃতিৰ সুৰভি আহি ভাহি

তাহানি কালৰ ওমলা কথাটি

মাজে মাজে সোঁৱৰায় ।

 

লেৰেলা ফুলৰ মালাধাৰ লই

গুপুতে বুকুত আঁকোৱালি থই

নিজানত বহি গুণ গুণকৈ

গাম ‘হায় হায় হায়’ ।।

Hits: 4366